يَٰٓأَهْلَ ٱلْكِتَٰبِ قَدْ جَآءَكُمْ رَسُولُنَا يُبَيِّنُ لَكُمْ عَلَىٰ فَتْرَةٍ مِّنَ ٱلرُّسُلِ أَن تَقُولُوا۟ مَا جَآءَنَا مِنۢ بَشِيرٍ وَلَا نَذِيرٍ فَقَدْ جَآءَكُم بَشِيرٌ وَنَذِيرٌ وَٱللَّهُ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanহে কিতাবীসকল! ৰাছুল প্ৰেৰণৰ এটা (দীৰ্ঘ) বিৰতিৰ পিছত তোমালোকৰ ওচৰলৈ আমাৰ ৰাছুল (মুহাম্মদ) আহিছে। তেওঁ তোমালোকৰ ওচৰত স্পষ্টভাৱে (চৰীয়ত) ব্যাখ্যা কৰিছে, যাতে তোমালোকে এইটো ক’ব নোৱাৰা যে, ‘আমাৰ ওচৰলৈ কোনো সুসংবাদবাহী আৰু সাৱধানকাৰী অহা নাছিল’। এতেকে (জানি থোৱা) নিশ্চয় এতিয়া তোমালোকৰ ওচৰলৈ সুসংবাদদাতা আৰু সাৱধানকাৰী আহিছে। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।