يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ أَنفِقُوا۟ مِن طَيِّبَٰتِ مَا كَسَبْتُمْ وَمِمَّآ أَخْرَجْنَا لَكُم مِّنَ ٱلْأَرْضِ وَلَا تَيَمَّمُوا۟ ٱلْخَبِيثَ مِنْهُ تُنفِقُونَ وَلَسْتُم بِـَٔاخِذِيهِ إِلَّآ أَن تُغْمِضُوا۟ فِيهِ وَٱعْلَمُوٓا۟ أَنَّ ٱللَّهَ غَنِىٌّ حَمِيدٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanহে ঈমান্দাৰসকল! তোমালোকে যি উপাৰ্জন কৰা আৰু আমি মাটিৰ পৰা তোমালোকৰ বাবে যি উৎপাদন কৰোঁ, তাৰ পৰা যিটো উৎকৃষ্ট সম্পদ সেইটো দান কৰা; আৰু নিম্নমানৰ বস্তু দান কৰাৰ সংকল্প নকৰিবা, অথচ তোমালোকে নিজেই এনেকুৱা বস্তু চকু বন্ধ নকৰালৈকে গ্ৰহণ নকৰা। জানি থোৱা, নিশ্চয় আল্লাহ অভাৱমুক্ত, প্ৰশংসিত।