يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تُبْطِلُوا۟ صَدَقَٰتِكُم بِٱلْمَنِّ وَٱلْأَذَىٰ كَٱلَّذِى يُنفِقُ مَالَهُۥ رِئَآءَ ٱلنَّاسِ وَلَا يُؤْمِنُ بِٱللَّهِ وَٱلْيَوْمِ ٱلْـَٔاخِرِ فَمَثَلُهُۥ كَمَثَلِ صَفْوَانٍ عَلَيْهِ تُرَابٌ فَأَصَابَهُۥ وَابِلٌ فَتَرَكَهُۥ صَلْدًا لَّا يَقْدِرُونَ عَلَىٰ شَىْءٍ مِّمَّا كَسَبُوا۟ وَٱللَّهُ لَا يَهْدِى ٱلْقَوْمَ ٱلْكَٰفِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanহে ঈমান্দাৰসকল! দানৰ কথা প্ৰচাৰ কৰি আৰু (দান গ্ৰহণকাৰীক) কষ্ট প্ৰদান কৰি তোমালোকে নিজৰ দানক সেই ব্যক্তিৰ দৰে নিষ্ফল নকৰিবা যিয়ে নিজৰ ধন-সম্পদ লোকক দেখুৱাবলৈ ব্যয় কৰে, লগতে আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস পোষণ নকৰে। ফলত তাৰ উপমা হৈছে এনেকুৱা এটা মসৃণ শিলৰ দৰে, যাৰ ওপৰত অলপ মাটি আছে, তাৰ পিছত ধাৰাষাৰ বৰষুণে সেইটোক পৰিষ্কাৰ কৰি দিয়ে। ইহঁতে যি উপাৰ্জন কৰিছে তাৰ একোৱেই নিজৰ কামত খটাবলৈ সক্ষম নহয়; আৰু আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নকৰে।