وَٱلْوَٰلِدَٰتُ يُرْضِعْنَ أَوْلَٰدَهُنَّ حَوْلَيْنِ كَامِلَيْنِ لِمَنْ أَرَادَ أَن يُتِمَّ ٱلرَّضَاعَةَ وَعَلَى ٱلْمَوْلُودِ لَهُۥ رِزْقُهُنَّ وَكِسْوَتُهُنَّ بِٱلْمَعْرُوفِ لَا تُكَلَّفُ نَفْسٌ إِلَّا وُسْعَهَا لَا تُضَآرَّ وَٰلِدَةٌۢ بِوَلَدِهَا وَلَا مَوْلُودٌ لَّهُۥ بِوَلَدِهِۦ وَعَلَى ٱلْوَارِثِ مِثْلُ ذَٰلِكَ فَإِنْ أَرَادَا فِصَالًا عَن تَرَاضٍ مِّنْهُمَا وَتَشَاوُرٍ فَلَا جُنَاحَ عَلَيْهِمَا وَإِنْ أَرَدتُّمْ أَن تَسْتَرْضِعُوٓا۟ أَوْلَٰدَكُمْ فَلَا جُنَاحَ عَلَيْكُمْ إِذَا سَلَّمْتُم مَّآ ءَاتَيْتُم بِٱلْمَعْرُوفِ وَٱتَّقُوا۟ ٱللَّهَ وَٱعْلَمُوٓا۟ أَنَّ ٱللَّهَ بِمَا تَعْمَلُونَ بَصِيرٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু মাতৃসকলে সিহঁতৰ সন্তানসকলক পৰিপূৰ্ণ দুবছৰ স্তন্য পান কৰাব, যদি কোনোবাই স্তন্যপান কৰোৱাৰ সময় সম্পূৰ্ণ কৰিব বিচাৰে। পিতাৰ কৰ্তব্য হৈছে বিধি মুতাবিক সিহঁতৰ (মাতৃসকলৰ) ভৰণ-পোষণ কৰা। সাধ্যৰ অতিৰিক্ত কোনো ব্যক্তিক দায়িত্ব প্ৰদান কৰা নহয়। কোনো মাতৃক তাইৰ সন্তানৰ বাবে আৰু যাৰ সন্তান (পিতা) তাকো তাৰ সন্তানৰ বাবে কষ্ট দিয়া উচিত নহয়, আৰু উত্তৰাধিকাৰিৰো সেই একেই কৰ্তব্য। কিন্তু যদি সিহঁতে পৰস্পৰৰ সন্মতি আৰু পৰামৰ্শক্ৰমে (দুবছৰৰ মাজতেই) স্তন্যপান এৰাব বিচাৰে, তেন্তে সিহঁতৰ কোনো অপৰাধ নহ’ব; আৰু যদি তোমালোকে (কোনো ধাত্ৰীৰ দ্বাৰা) তোমালোকৰ সন্তানসকলক স্তন্য পান কৰাব বিচৰা, তেন্তে যদি তোমালোকে প্ৰচলিত বিধি মুতাবিক বিনিময় প্ৰদান কৰা তেন্তে তোমালোকৰ কোনো পাপ নহ’ব; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা লগতে জানি থোৱা, তোমালোকে যি কৰা নিশ্চয় আল্লাহ সেয়া প্ৰত্যক্ষকাৰী।