يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ كُتِبَ عَلَيْكُمُ ٱلْقِصَاصُ فِى ٱلْقَتْلَى ٱلْحُرُّ بِٱلْحُرِّ وَٱلْعَبْدُ بِٱلْعَبْدِ وَٱلْأُنثَىٰ بِٱلْأُنثَىٰ فَمَنْ عُفِىَ لَهُۥ مِنْ أَخِيهِ شَىْءٌ فَٱتِّبَاعٌۢ بِٱلْمَعْرُوفِ وَأَدَآءٌ إِلَيْهِ بِإِحْسَٰنٍ ذَٰلِكَ تَخْفِيفٌ مِّن رَّبِّكُمْ وَرَحْمَةٌ فَمَنِ ٱعْتَدَىٰ بَعْدَ ذَٰلِكَ فَلَهُۥ عَذَابٌ أَلِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanহে ঈমান্দাৰসকল! হত্যাৰ ক্ষেত্ৰত তোমালোকৰ ওপৰত কিচাচৰ (প্ৰতিশোধ গ্ৰহণৰ) বিধান ফৰজ কৰা হৈছে। স্বাধীন ব্যক্তিৰ পৰিৱৰ্তে স্বাধীন ব্যক্তি, ক্ৰীতদাসৰ পৰিৱৰ্তে ক্ৰীতদাস, নাৰীৰ পৰিৱৰ্তে নাৰী। কিন্তু তাৰ ভাতৃৰ ফালৰ পৰা ক্ষমা প্ৰদৰ্শন কৰা হ'লে যথাযথ বিধিৰ অনুসৰণ কৰি সততাৰ সৈতে তাৰ ৰক্তপণ আদায় কৰা কৰ্তব্য। এইটো হৈছে তোমালোকৰ প্ৰতিপালকৰ ফালৰ পৰা শিথিলতা আৰু অনুগ্ৰহ। এতেকে ইয়াৰ পিছতো যিয়ে সীমালংঘন কৰিব তাৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।