هَلْ يَنظُرُونَ إِلَّا تَأْوِيلَهُۥ يَوْمَ يَأْتِى تَأْوِيلُهُۥ يَقُولُ ٱلَّذِينَ نَسُوهُ مِن قَبْلُ قَدْ جَآءَتْ رُسُلُ رَبِّنَا بِٱلْحَقِّ فَهَل لَّنَا مِن شُفَعَآءَ فَيَشْفَعُوا۟ لَنَآ أَوْ نُرَدُّ فَنَعْمَلَ غَيْرَ ٱلَّذِى كُنَّا نَعْمَلُ قَدْ خَسِرُوٓا۟ أَنفُسَهُمْ وَضَلَّ عَنْهُم مَّا كَانُوا۟ يَفْتَرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে কেৱল সেই পৰিণামৰ (সংবাদ-সত্যতা বা কিয়ামতৰ) অপেক্ষাত আছে নেকি? যিদিনাখন সেই পৰিণাম প্ৰকাশ পাব, সেইদিনা যিসকলে আগতে ইয়াৰ কথা পাহৰি গৈছিল, সিহঁতে ক’ব, ‘আমাৰ প্ৰতিপালকৰ ৰাছুলসকলে সত্য বাণী লৈ আহিছিল, আমাৰ বাবে এনে কোনো চুপাৰিছকাৰী আছে নেকি যিয়ে আমাৰ বাবে চুপাৰিছ কৰিব অথবা আমাক আকৌ উভতি যোৱাৰ অৱকাশ দিয়া হ’বনে—যাতে আমি আগতে যি কৰিছোঁ তাতকৈ বেলেগ কিবা কৰিব পাৰোঁ’? নিশ্চয় সিহঁতে নিজেই নিজৰ ক্ষতি সাধন কৰিছে আৰু সিহঁতে যি মিছা ৰচনা কৰিছিল, সেয়া সিহঁতৰ পৰা বিলুপ্ত হৈ গৈছে।