caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-An'aam, আয়াত ৯১

মক্কা · অৱতৰণৰ ক্ৰম ৫৫ · 6:91

وَمَا قَدَرُوا۟ ٱللَّهَ حَقَّ قَدْرِهِۦٓ إِذْ قَالُوا۟ مَآ أَنزَلَ ٱللَّهُ عَلَىٰ بَشَرٍ مِّن شَىْءٍ قُلْ مَنْ أَنزَلَ ٱلْكِتَٰبَ ٱلَّذِى جَآءَ بِهِۦ مُوسَىٰ نُورًا وَهُدًى لِّلنَّاسِ تَجْعَلُونَهُۥ قَرَاطِيسَ تُبْدُونَهَا وَتُخْفُونَ كَثِيرًا وَعُلِّمْتُم مَّا لَمْ تَعْلَمُوٓا۟ أَنتُمْ وَلَآ ءَابَآؤُكُمْ قُلِ ٱللَّهُ ثُمَّ ذَرْهُمْ فِى خَوْضِهِمْ يَلْعَبُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে আল্লাহক তেওঁৰ যথাৰ্থ মৰ্যাদা প্ৰদান কৰা নাই, যেতিয়া সিহঁতে কৈছিল, ‘আল্লাহে কোনো মানুহৰ প্ৰতি একো অৱতীৰ্ণ কৰা নাই’। কোৱা, ‘কোনে অৱতীৰ্ণ কৰিছিল সেইখন কিতাব যিখন মুছাই আনিছিল, মানুহৰ বাবে আছিল জ্যোতি আৰু হিদায়তস্বৰূপ; যিখনক তোমালোকে বিভিন্ন পৃষ্ঠাত লিপিবদ্ধ কৰি কিছু কথা প্ৰকাশ কৰিছা আৰু বহুতখিনিকে গোপন কৰিছা, আৰু (সেই গ্ৰন্থৰ দ্বাৰা) তোমালোকক এনেকুৱা শিক্ষা দিয়া হৈছিল যিটো তোমালোকে আৰু তোমালোকৰ পিতৃ-পুৰুষসকলে জনা নাছিলা। কোৱা, (সেইখনক) ‘আল্লাহেই (অৱতীৰ্ণ কৰিছিল)’, এতেকে সিহঁতক সিহঁতৰ অবান্তৰ সমালোচনাৰ ওপৰত এৰি দিয়া, সিহঁতে খেলি থাকক।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70