وَلَقَدْ ءَاتَيْنَا مُوسَى ٱلْكِتَٰبَ وَقَفَّيْنَا مِنۢ بَعْدِهِۦ بِٱلرُّسُلِ وَءَاتَيْنَا عِيسَى ٱبْنَ مَرْيَمَ ٱلْبَيِّنَٰتِ وَأَيَّدْنَٰهُ بِرُوحِ ٱلْقُدُسِ أَفَكُلَّمَا جَآءَكُمْ رَسُولٌۢ بِمَا لَا تَهْوَىٰٓ أَنفُسُكُمُ ٱسْتَكْبَرْتُمْ فَفَرِيقًا كَذَّبْتُمْ وَفَرِيقًا تَقْتُلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ আৰু তেওঁৰ পিছত পৰ্যায়ক্ৰমে ৰাছুলসকলক প্ৰেৰণ কৰিছিলোঁ আৰু আমি মাৰয়ামৰ পুত্ৰ ঈছাক স্পষ্ট প্ৰমাণ প্ৰদান কৰিছিলোঁ আৰু ‘ৰূহুল কুদুছ’ৰ দ্বাৰা তেওঁক শক্তিশালী কৰিছিলোঁ। এইটো সঁচা নহয় জানো যেতিয়াই তোমালোকৰ ওচৰলৈ কোনো ৰাছুলে তোমালোকৰ প্ৰবৃত্তিৰ বিপৰীত কোনো বস্তু লৈ আহিছিল তেতিয়াই তোমালোকে অহংকাৰ কৰিছিলা? তাৰ পিছত তোমালোকে নবীসকলৰ এটা দলক অস্বীকাৰ কৰিছিলা আৰু এটা দলক হত্যা কৰিছিলা।