وَأَتِمُّوا۟ ٱلْحَجَّ وَٱلْعُمْرَةَ لِلَّهِ فَإِنْ أُحْصِرْتُمْ فَمَا ٱسْتَيْسَرَ مِنَ ٱلْهَدْىِ وَلَا تَحْلِقُوا۟ رُءُوسَكُمْ حَتَّىٰ يَبْلُغَ ٱلْهَدْىُ مَحِلَّهُۥ فَمَن كَانَ مِنكُم مَّرِيضًا أَوْ بِهِۦٓ أَذًى مِّن رَّأْسِهِۦ فَفِدْيَةٌ مِّن صِيَامٍ أَوْ صَدَقَةٍ أَوْ نُسُكٍ فَإِذَآ أَمِنتُمْ فَمَن تَمَتَّعَ بِٱلْعُمْرَةِ إِلَى ٱلْحَجِّ فَمَا ٱسْتَيْسَرَ مِنَ ٱلْهَدْىِ فَمَن لَّمْ يَجِدْ فَصِيَامُ ثَلَٰثَةِ أَيَّامٍ فِى ٱلْحَجِّ وَسَبْعَةٍ إِذَا رَجَعْتُمْ تِلْكَ عَشَرَةٌ كَامِلَةٌ ذَٰلِكَ لِمَن لَّمْ يَكُنْ أَهْلُهُۥ حَاضِرِى ٱلْمَسْجِدِ ٱلْحَرَامِ وَٱتَّقُوا۟ ٱللَّهَ وَٱعْلَمُوٓا۟ أَنَّ ٱللَّهَ شَدِيدُ ٱلْعِقَابِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকে হজ্জ আৰু ওমৰাহ আল্লাহৰ বাবেই সম্পাদন কৰা। এতেকে যদি তোমালোকে (ইহৰাম বন্ধি লোৱাৰ পিছত) বাধাপ্ৰাপ্ত হোৱা তেন্তে সহজলভ্য হাদ’য়ী (কুৰবানী) প্ৰদান কৰা, আৰু হাদ’য়ী (কুৰবানীৰ জন্তু) তাৰ নিৰ্দিষ্ট স্থান নোপাৱালৈকে তোমালোকে মূৰ নুখুৰাবা। কিন্তু তোমালোকৰ মাজৰ কোনোবাই যদি অসুস্থ হয় অথবা মূৰত কষ্টদায়ক কিবা হয় (আৰু ইয়াৰ ফলত যদি মূৰ খুৰাবলগীয়া হয়) তেন্তে ছিয়াম অথবা ছাদক্বা নাইবা পশু জবেহ কৰি তাৰ ফিদিয়া দিব লাগিব। এতেকে যেতিয়া তোমালোকে নিৰাপদ হ’বা তেতিয়া তোমালোকৰ মাজত যিয়ে ওমৰাক হজ্জৰ লগত মিলাই তামাত্তু কৰিব বিচাৰে, সি সহজলভ্য হাদ’য়ী জবেহ কৰিব। কিন্তু যদি কোনোবাই এইটো কৰিব নোৱাৰে, তেন্তে তাৰ বাবে হজ্জৰ সময়ত তিনি দিন আৰু ঘৰত উভতি আহি সাত দিন, এই সম্পূৰ্ণ দহ দিন ছিয়াম পালন কৰিব লাগিব। এইটো কেৱল সেই ব্যক্তিৰ বাবে যাৰ পৰিয়ালবৰ্গ মছজিদুল হাৰামৰ অধিবাসী নহয়; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু জানি থোৱা যে, নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।