caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Baqara, আয়াত ১০২

মদিনা · অৱতৰণৰ ক্ৰম ৮৭ · 2:102

وَٱتَّبَعُوا۟ مَا تَتْلُوا۟ ٱلشَّيَٰطِينُ عَلَىٰ مُلْكِ سُلَيْمَٰنَ وَمَا كَفَرَ سُلَيْمَٰنُ وَلَٰكِنَّ ٱلشَّيَٰطِينَ كَفَرُوا۟ يُعَلِّمُونَ ٱلنَّاسَ ٱلسِّحْرَ وَمَآ أُنزِلَ عَلَى ٱلْمَلَكَيْنِ بِبَابِلَ هَٰرُوتَ وَمَٰرُوتَ وَمَا يُعَلِّمَانِ مِنْ أَحَدٍ حَتَّىٰ يَقُولَآ إِنَّمَا نَحْنُ فِتْنَةٌ فَلَا تَكْفُرْ فَيَتَعَلَّمُونَ مِنْهُمَا مَا يُفَرِّقُونَ بِهِۦ بَيْنَ ٱلْمَرْءِ وَزَوْجِهِۦ وَمَا هُم بِضَآرِّينَ بِهِۦ مِنْ أَحَدٍ إِلَّا بِإِذْنِ ٱللَّهِ وَيَتَعَلَّمُونَ مَا يَضُرُّهُمْ وَلَا يَنفَعُهُمْ وَلَقَدْ عَلِمُوا۟ لَمَنِ ٱشْتَرَىٰهُ مَا لَهُۥ فِى ٱلْـَٔاخِرَةِ مِنْ خَلَٰقٍ وَلَبِئْسَ مَا شَرَوْا۟ بِهِۦٓ أَنفُسَهُمْ لَوْ كَانُوا۟ يَعْلَمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ছুলাইমানৰ ৰাজত্বত চয়তানসকলে যি আবৃত্তি কৰিছিল সেয়া সিহঁতে অনুসৰণ কৰিছে আৰু ছুলাইমানে (কেতিয়াও) কুফৰী কৰা নাছিল, বৰং চয়তানেহে কুফৰী কৰিছিল। সিহঁতে মানুহক যাদু শিক্ষা দিছিল আৰু (সেই বিষয়ে শিক্ষা দিছিল) যিটো বাবিল চহৰত হাৰূত আৰু মাৰূত ফিৰিস্তাদয়ৰ ওপৰত অৱতীৰ্ণ হৈছিল। তেওঁলোক উভয়েই এই কথা নোকোৱালৈকে কাকো শিক্ষা দিয়া নাছিল যে, ‘আমি কেৱল এটা পৰীক্ষাহে’; সেয়ে তুমি কুফৰী নকৰিবা। ইয়াৰ পিছতো সিহঁতে ফিৰিস্তাদ্বয়ৰ পৰা এনেকুৱা যাদু শিকি লৈছিল যিটোৰ দ্বাৰা সিহঁতে স্বামী-স্ত্ৰীৰ মাজত বিচ্ছেদ ঘটাইছিল। অথচ সিহঁতে আল্লাহৰ অনুমতিবিনে তাৰ দ্বাৰা কাৰো ক্ষতি কৰিব পৰা নাছিল; আৰু সিহঁতে কেৱল সেইটোৱে শিকিছিল যিটো সিহঁতক ক্ষতি কৰিছিল, কোনো উপকাৰ কৰা নাছিল; আৰু সিহঁতে নিশ্চিতভাৱে জানে যে, যিয়ে ইয়াক ক্ৰয় কৰে (অৰ্থাৎ যিয়ে যাদুৰ আশ্ৰয় লয়) তাৰ বাবে আখিৰাতত কোনো অংশ নাই। যাৰ বিনিময়ত সিহঁতে নিজকে বিক্ৰী কৰি আছে, সেয়া কিমান যে নিকৃষ্ট, যদি সিহঁত জানিলেহেঁতেন!
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70