وَمَا تَكُونُ فِى شَأْنٍ وَمَا تَتْلُوا۟ مِنْهُ مِن قُرْءَانٍ وَلَا تَعْمَلُونَ مِنْ عَمَلٍ إِلَّا كُنَّا عَلَيْكُمْ شُهُودًا إِذْ تُفِيضُونَ فِيهِ وَمَا يَعْزُبُ عَن رَّبِّكَ مِن مِّثْقَالِ ذَرَّةٍ فِى ٱلْأَرْضِ وَلَا فِى ٱلسَّمَآءِ وَلَآ أَصْغَرَ مِن ذَٰلِكَ وَلَآ أَكْبَرَ إِلَّا فِى كِتَٰبٍ مُّبِينٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তুমি যি অৱস্থাতেই নথকা কিয় আৰু তুমি সেই সম্পৰ্কে কোৰআনৰ পৰা যিটোৱেই তিলাৱত কৰা আৰু তোমালোকে যি আমলেই নকৰা কিয়, আমি তোমালোকৰ সাক্ষী থাকোঁ, যেতিয়া তোমালোকে তাত প্ৰবৃত্ত হোৱা। আকাশসমূহ আৰু পৃথিৱীৰ অণু পৰিমাণ বস্তুও তোমাৰ প্ৰতিপালকৰ দৃষ্টিৰ অগোচৰ নহয় আৰু তাতকৈও ক্ষুদ্ৰ বা বৃহত একোৱেই নাই যিটোৰ বিষয়ে সুস্পষ্ট কিতাবত (লাওহে মাহফুজত লিপিবদ্ধ) নাই।