قُلْ يَٰٓأَيُّهَا ٱلنَّاسُ إِنِّى رَسُولُ ٱللَّهِ إِلَيْكُمْ جَمِيعًا ٱلَّذِى لَهُۥ مُلْكُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ لَآ إِلَٰهَ إِلَّا هُوَ يُحْىِۦ وَيُمِيتُ فَـَٔامِنُوا۟ بِٱللَّهِ وَرَسُولِهِ ٱلنَّبِىِّ ٱلْأُمِّىِّ ٱلَّذِى يُؤْمِنُ بِٱللَّهِ وَكَلِمَٰتِهِۦ وَٱتَّبِعُوهُ لَعَلَّكُمْ تَهْتَدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘হে মানৱ! নিশ্চয় মই তোমালোক সকলোৰে প্ৰতি আল্লাহৰ (প্ৰেৰিত) ৰাছুল, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী। তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়। সেয়ে তোমালোকে ঈমান পোষণ কৰা আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুল নিৰক্ষৰ নবীৰ প্ৰতি, যিজনে আল্লাহ আৰু তেওঁৰ বাণীসমূহৰ ওপৰত ঈমান পোষণ কৰে; আৰু তোমালোকে তেওঁৰ অনুসৰণ কৰা যাতে তোমালোকে হিদায়তপ্ৰাপ্ত হোৱা’।