وَلَقَدْ كُذِّبَتْ رُسُلٌ مِّن قَبْلِكَ فَصَبَرُوا۟ عَلَىٰ مَا كُذِّبُوا۟ وَأُوذُوا۟ حَتَّىٰٓ أَتَىٰهُمْ نَصْرُنَا وَلَا مُبَدِّلَ لِكَلِمَٰتِ ٱللَّهِ وَلَقَدْ جَآءَكَ مِن نَّبَإِى۟ ٱلْمُرْسَلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তোমাৰ পূৰ্বেও বহুতো ৰাছুলৰ ওপৰত মিথ্যাৰোপ কৰা হৈছিল, কিন্তু তেওঁলোকক মিথ্যাৰোপ কৰাৰ পিছতো আৰু কষ্ট দিয়াৰ পিছতো তেওঁলোকে ধৈৰ্য্য ধাৰণ কৰিছিল, অৱশেষত তেওঁলোকৰ ওচৰলৈ আমাৰ সহায় আহিছিল। (জানি থোৱা) আল্লাহৰ (প্ৰতিশ্ৰুত) বাণীসমূহক পৰিৱৰ্তন কৰিব পৰা কোনো নাই। নিশ্চয় ৰাছুলসকলৰ কিছু সংবাদ তোমাৰ ওচৰলৈকেও আহিছে।