caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-An'aam, আয়াত ১৫৮

মক্কা · অৱতৰণৰ ক্ৰম ৫৫ · 6:158

هَلْ يَنظُرُونَ إِلَّآ أَن تَأْتِيَهُمُ ٱلْمَلَٰٓئِكَةُ أَوْ يَأْتِىَ رَبُّكَ أَوْ يَأْتِىَ بَعْضُ ءَايَٰتِ رَبِّكَ يَوْمَ يَأْتِى بَعْضُ ءَايَٰتِ رَبِّكَ لَا يَنفَعُ نَفْسًا إِيمَٰنُهَا لَمْ تَكُنْ ءَامَنَتْ مِن قَبْلُ أَوْ كَسَبَتْ فِىٓ إِيمَٰنِهَا خَيْرًا قُلِ ٱنتَظِرُوٓا۟ إِنَّا مُنتَظِرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে কেৱল এইটোৰ প্ৰতীক্ষাত আছে নেকি যে, সিহঁতৰ ওচৰলৈ ফিৰিস্তা আহিব, অথবা তোমাৰ প্ৰতিপালক স্বয়ং অৱতৰণ কৰিব, নাইবা তোমাৰ প্ৰতিপালকৰ কোনো নিদৰ্শন আহিব? (জানি থোৱা) যিদিনা তোমাৰ প্ৰতিপালকৰ কোনো নিদৰ্শন আহিব সেইদিনা যিয়ে পূৰ্বে ঈমান পোষণ কৰা নাছিল তাৰ ঈমান কোনো কামত নাহিব, অথবা যি ব্যক্তিয়ে ঈমানৰ মাধ্যমত কল্যাণ লাভ কৰা নাছিল (তাৰ ঈমানো কোনো কামত নাহিব)। কোৱা, ‘তোমালোকে প্ৰতীক্ষা কৰা, আমিও প্ৰতীক্ষাত থাকিলোঁ’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70