سَمَّٰعُونَ لِلْكَذِبِ أَكَّٰلُونَ لِلسُّحْتِ فَإِن جَآءُوكَ فَٱحْكُم بَيْنَهُمْ أَوْ أَعْرِضْ عَنْهُمْ وَإِن تُعْرِضْ عَنْهُمْ فَلَن يَضُرُّوكَ شَيْـًٔا وَإِنْ حَكَمْتَ فَٱحْكُم بَيْنَهُم بِٱلْقِسْطِ إِنَّ ٱللَّهَ يُحِبُّ ٱلْمُقْسِطِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে মিছা শুনিবলৈ বৰ আগ্ৰহশীল আৰু অবৈধ সম্পদ খাবলৈ অত্যন্ত আসক্ত; এতেকে সিহঁতে যদি তোমাৰ ওচৰলৈ আহে তেন্তে সিহঁতৰ বিচাৰ মীমাংসা কৰিবা অথবা সিহঁতক উপেক্ষা কৰিবা। তুমি যদি সিহঁতক উপেক্ষা কৰা তেন্তে সিহঁতে তোমাৰ একো ক্ষতি কৰিব নোৱাৰিব আৰু তুমি যদি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা তেন্তে সিহঁতৰ মাজত ন্যায় বিচাৰ কৰিবা; নিশ্চয় আল্লাহে ন্যায়পৰায়ণকাৰীসকলক ভালপায়।