caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Aal-i-Imraan, আয়াত ৭৩

মদিনা · অৱতৰণৰ ক্ৰম ৮৯ · 3:73

وَلَا تُؤْمِنُوٓا۟ إِلَّا لِمَن تَبِعَ دِينَكُمْ قُلْ إِنَّ ٱلْهُدَىٰ هُدَى ٱللَّهِ أَن يُؤْتَىٰٓ أَحَدٌ مِّثْلَ مَآ أُوتِيتُمْ أَوْ يُحَآجُّوكُمْ عِندَ رَبِّكُمْ قُلْ إِنَّ ٱلْفَضْلَ بِيَدِ ٱللَّهِ يُؤْتِيهِ مَن يَشَآءُ وَٱللَّهُ وَٰسِعٌ عَلِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিসকলে তোমালোকৰ দ্বীনৰ অনুসৰণ কৰে তেওঁলোকৰ বাহিৰে আন কাকো বিশ্বাস নকৰিবা’। কোৱা, ‘নিশ্চয় আল্লাহৰ নিৰ্দেশিত পথেই হৈছে একমাত্ৰ পথ। (সিহঁতে এই কথাও কয় যে, তোমালোকে এইটোও বিশ্বাস নকৰিবা যে) তোমালোকক যিটো দিয়া হৈছে সেয়া আনকো দিয়া হ’ব, অথবা তোমালোকৰ প্ৰতিপালকৰ সন্মুখত সিহঁতে তোমালোকৰ বিৰুদ্ধে যুক্তি উত্থাপন কৰিব’। কোৱা, ‘নিশ্চয় অনুগ্ৰহ হৈছে আল্লাহৰ হাতত, তেওঁ যাক ইচ্ছা কৰে তাক সেইটো প্ৰদান কৰে; আৰু আল্লাহ প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70