caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Baqara, আয়াত ৯১

মদিনা · অৱতৰণৰ ক্ৰম ৮৭ · 2:91

وَإِذَا قِيلَ لَهُمْ ءَامِنُوا۟ بِمَآ أَنزَلَ ٱللَّهُ قَالُوا۟ نُؤْمِنُ بِمَآ أُنزِلَ عَلَيْنَا وَيَكْفُرُونَ بِمَا وَرَآءَهُۥ وَهُوَ ٱلْحَقُّ مُصَدِّقًا لِّمَا مَعَهُمْ قُلْ فَلِمَ تَقْتُلُونَ أَنۢبِيَآءَ ٱللَّهِ مِن قَبْلُ إِن كُنتُم مُّؤْمِنِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে তাৰ প্ৰতি তোমালোকে ঈমান পোষণ কৰা’, তেতিয়া সিহঁতে কয়, ‘আমাৰ প্ৰতি যি নাযিল হৈছে আমি কেৱল তাৰ প্ৰতিহে ঈমান পোষণ কৰোঁ’। অথচ সিহঁতে ইয়াৰ বাহিৰে যি আছে সেই সকলো অস্বীকাৰ কৰে, যদিও সেয়া সত্য আৰু সিহঁতৰ ওচৰত যি আছে তাৰ সমৰ্থনকাৰী। কোৱা, ‘যদি তোমালোকে মুমিন তেন্তে তোমালোকে অতীতত কিয় আল্লাহৰ নবীসকলক হত্যা কৰিছিলা?’
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70