وَإِذْ أَخَذْنَا مِيثَٰقَ بَنِىٓ إِسْرَٰٓءِيلَ لَا تَعْبُدُونَ إِلَّا ٱللَّهَ وَبِٱلْوَٰلِدَيْنِ إِحْسَانًا وَذِى ٱلْقُرْبَىٰ وَٱلْيَتَٰمَىٰ وَٱلْمَسَٰكِينِ وَقُولُوا۟ لِلنَّاسِ حُسْنًا وَأَقِيمُوا۟ ٱلصَّلَوٰةَ وَءَاتُوا۟ ٱلزَّكَوٰةَ ثُمَّ تَوَلَّيْتُمْ إِلَّا قَلِيلًا مِّنكُمْ وَأَنتُم مُّعْرِضُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু স্মৰণ কৰা, যেতিয়া আমি বনী ইছৰাঈলৰ পৰা প্ৰতিশ্ৰুতি লৈছিলোঁ যে, তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা, পিতৃ-মাতৃ, আত্মীয়-স্বজন, এতীম আৰু দৰিদ্ৰৰ সৈতে সদায় সদ্ব্যৱহাৰ কৰিবা আৰু মানুহৰ লগত উত্তম কথা ক'বা তথা ছালাত প্ৰতিষ্ঠা কৰিবা লগতে যাকাত প্ৰদান কৰিবা, তাৰ পিছতো তোমালোকৰ কিছু সংখ্যক লোকৰ বাহিৰে সকলোৱে অৱজ্ঞা কৰি মুখ ঘূৰাই লৈছিল।