caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Baqara, আয়াত ২৬০

মদিনা · অৱতৰণৰ ক্ৰম ৮৭ · 2:260

وَإِذْ قَالَ إِبْرَٰهِـۧمُ رَبِّ أَرِنِى كَيْفَ تُحْىِ ٱلْمَوْتَىٰ قَالَ أَوَلَمْ تُؤْمِن قَالَ بَلَىٰ وَلَٰكِن لِّيَطْمَئِنَّ قَلْبِى قَالَ فَخُذْ أَرْبَعَةً مِّنَ ٱلطَّيْرِ فَصُرْهُنَّ إِلَيْكَ ثُمَّ ٱجْعَلْ عَلَىٰ كُلِّ جَبَلٍ مِّنْهُنَّ جُزْءًا ثُمَّ ٱدْعُهُنَّ يَأْتِينَكَ سَعْيًا وَٱعْلَمْ أَنَّ ٱللَّهَ عَزِيزٌ حَكِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যেতিয়া ইব্ৰাহীমে ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি কেনেকৈ মৃতক জীৱিত কৰা মোক দেখুৱাই দিয়া’, তেওঁ ক’লে, ‘তেন্তে তুমি বিশ্বাস কৰা নাই নেকি’? ইব্ৰাহীমে ক’লে, ‘নিশ্চয় কৰোঁ, কিন্তু মোৰ মনৰ প্ৰশান্তিৰ বাবে (চাব বিচাৰোঁ)’, আল্লাহে ক’লে, ‘তেন্তে চাৰিটা চৰাই লোৱা আৰু সেইবোৰক পোহ মনাই লোৱা (যাতে মাতিলেই তোমাৰ ওচৰলৈ আহে)। তাৰ পিছত সেইবোৰৰ টুকুৰা-টুকুৰ কৰি এটা এটা ভাগ প্ৰত্যেক পাহাৰত স্থাপন কৰা। তাৰ পিছত সেইবোৰক মাতা, (চাবা) সেইবোৰ তোমাৰ ওচৰলৈ দ্ৰুতগতিত গুচি আহিব, আৰু জানি থোৱা, নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70