وَٱلْمُطَلَّقَٰتُ يَتَرَبَّصْنَ بِأَنفُسِهِنَّ ثَلَٰثَةَ قُرُوٓءٍ وَلَا يَحِلُّ لَهُنَّ أَن يَكْتُمْنَ مَا خَلَقَ ٱللَّهُ فِىٓ أَرْحَامِهِنَّ إِن كُنَّ يُؤْمِنَّ بِٱللَّهِ وَٱلْيَوْمِ ٱلْـَٔاخِرِ وَبُعُولَتُهُنَّ أَحَقُّ بِرَدِّهِنَّ فِى ذَٰلِكَ إِنْ أَرَادُوٓا۟ إِصْلَٰحًا وَلَهُنَّ مِثْلُ ٱلَّذِى عَلَيْهِنَّ بِٱلْمَعْرُوفِ وَلِلرِّجَالِ عَلَيْهِنَّ دَرَجَةٌ وَٱللَّهُ عَزِيزٌ حَكِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তালাক্বপ্ৰাপ্তা স্ত্ৰীসকলে তিনি কুৰূলৈকে [1] অপেক্ষাত থাকিব, আৰু সিহঁতে যদি আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে তেন্তে সিহঁতৰ গৰ্ভাশয়ত আল্লাহে যি সৃষ্টি কৰিছে সেয়া গোপন কৰা সিহঁতৰ বাবে বৈধ নহয়; আৰু যদি সিহঁতে সংশোধন বিচাৰে তেন্তে এই সময়ছোৱাত পুনৰ গ্ৰহণ কৰাৰ বেছি অধিকাৰ হৈছে সিহঁতৰ স্বামীৰ; আৰু নাৰীসকলৰো তেনেকৈয়ে ন্যায়সংগত অধিকাৰ আছে যেনেকৈ সিহঁতৰ ওপৰত পুৰুষসকলৰ অধিকাৰ আছে; কিন্তু নাৰীসকলৰ ওপৰত পুৰুষসকলৰ মৰ্যাদা (কিছু পৰিমাণে বেছি) আছে; আল্লাহ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।