أُحِلَّ لَكُمْ لَيْلَةَ ٱلصِّيَامِ ٱلرَّفَثُ إِلَىٰ نِسَآئِكُمْ هُنَّ لِبَاسٌ لَّكُمْ وَأَنتُمْ لِبَاسٌ لَّهُنَّ عَلِمَ ٱللَّهُ أَنَّكُمْ كُنتُمْ تَخْتَانُونَ أَنفُسَكُمْ فَتَابَ عَلَيْكُمْ وَعَفَا عَنكُمْ فَٱلْـَٰٔنَ بَٰشِرُوهُنَّ وَٱبْتَغُوا۟ مَا كَتَبَ ٱللَّهُ لَكُمْ وَكُلُوا۟ وَٱشْرَبُوا۟ حَتَّىٰ يَتَبَيَّنَ لَكُمُ ٱلْخَيْطُ ٱلْأَبْيَضُ مِنَ ٱلْخَيْطِ ٱلْأَسْوَدِ مِنَ ٱلْفَجْرِ ثُمَّ أَتِمُّوا۟ ٱلصِّيَامَ إِلَى ٱلَّيْلِ وَلَا تُبَٰشِرُوهُنَّ وَأَنتُمْ عَٰكِفُونَ فِى ٱلْمَسَٰجِدِ تِلْكَ حُدُودُ ٱللَّهِ فَلَا تَقْرَبُوهَا كَذَٰلِكَ يُبَيِّنُ ٱللَّهُ ءَايَٰتِهِۦ لِلنَّاسِ لَعَلَّهُمْ يَتَّقُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanছিয়ামৰ ৰাতিত তোমালোকৰ বাবে স্ত্ৰী-সম্ভোগ বৈধ কৰা হৈছে। সিহঁত তোমালোকৰ পোছাকস্বৰূপ আৰু তোমালোকেও সিহঁতৰ পোছাকস্বৰূপ। আল্লাহে জানে যে, তোমালোকে নিজৰ লগত খিয়ানত কৰিছিলা। এতেকে তেওঁ তোমালোকৰ তাওবা কবুল কৰিছে আৰু তোমালোকক মাৰ্জনা কৰিছে। তোমালোকে এতিয়া সিহঁতৰ লগত মিলিত হ’ব পাৰিবা আৰু আল্লাহে তোমালোকৰ বাবে যি বিধিবদ্ধ কৰি ৰাখিছে সেইটো কামনা কৰা; আৰু তোমালোকে পানাহাৰ কৰা যেতিয়ালৈকে ৰাতিৰ ক'লা ৰেখাৰ পৰা ঊষাৰ বগা ৰেখা স্পষ্টৰূপে তোমালোকৰ ওচৰত প্ৰকাশ নহয়। তাৰ পিছত ৰাতিৰ আগমন পৰ্যন্ত ছিয়াম পালন কৰা; আৰু তোমালোকে মছজিদত এ’তিকাফ অৱস্থাত সিহঁতৰ লগত সহবাস নকৰিবা। এইবোৰ হৈছে আল্লাহৰ সীমাৰেখা। সেয়ে এইবোৰৰ নিকটৱৰ্তী নহ’বা। এনেকৈ আল্লাহে তেওঁৰ আয়াতসমূহ মানুহৰ বাবে সুস্পষ্টভাৱে বৰ্ণনা কৰে, যাতে সিহঁত তাক্বৱাৰ অধিকাৰী হ’ব পাৰে।