caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা At-Tahrim, আয়াত ৩

মদিনা · অৱতৰণৰ ক্ৰম ১০৭ · 66:3

وَإِذْ أَسَرَّ ٱلنَّبِىُّ إِلَىٰ بَعْضِ أَزْوَٰجِهِۦ حَدِيثًا فَلَمَّا نَبَّأَتْ بِهِۦ وَأَظْهَرَهُ ٱللَّهُ عَلَيْهِ عَرَّفَ بَعْضَهُۥ وَأَعْرَضَ عَنۢ بَعْضٍ فَلَمَّا نَبَّأَهَا بِهِۦ قَالَتْ مَنْ أَنۢبَأَكَ هَٰذَا قَالَ نَبَّأَنِىَ ٱلْعَلِيمُ ٱلْخَبِيرُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু স্মৰণ কৰা, যেতিয়া নবীয়ে তেওঁৰ স্ত্ৰীসকলৰ এগৰাকীক গোপন কথা এষাৰ কৈছিল; তাৰ পিছত সেইগৰাকীয়ে আন এগৰাকীক জনাই দিছিল, ইপিনে আল্লাহে তেওঁৰ নবীৰ ওচৰত সেই বিষয়টো প্ৰকাশ কৰি দিলে, তাৰ পিছত নবীয়ে এই বিষয়ে অলপ ব্যক্ত কৰিলে আৰু অলপ অৱজ্ঞা কৰি এৰি দিলে। যেতিয়া নবীয়ে বিষয়টো সেই স্ত্ৰীক জনালে, তেতিয়া স্ত্ৰীগৰাকীয়ে ক’লে, ‘আপোনাক এইষাৰ কথা কোনে অৱগত কৰালে’? নবীয়ে ক’লে, ‘মোক সেই সত্ত্বাই জনাইছে, যিজন সৰ্বজ্ঞ, সম্যক অৱগত’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70