قُلْ أَىُّ شَىْءٍ أَكْبَرُ شَهَٰدَةً قُلِ ٱللَّهُ شَهِيدٌۢ بَيْنِى وَبَيْنَكُمْ وَأُوحِىَ إِلَىَّ هَٰذَا ٱلْقُرْءَانُ لِأُنذِرَكُم بِهِۦ وَمَنۢ بَلَغَ أَئِنَّكُمْ لَتَشْهَدُونَ أَنَّ مَعَ ٱللَّهِ ءَالِهَةً أُخْرَىٰ قُل لَّآ أَشْهَدُ قُلْ إِنَّمَا هُوَ إِلَٰهٌ وَٰحِدٌ وَإِنَّنِى بَرِىٓءٌ مِّمَّا تُشْرِكُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘কোনটো বস্তু আটাইতকৈ ডাঙৰ সাক্ষী’? তুমি কোৱা, ‘আল্লাহ, (তেৱেঁই) মোৰ আৰু তোমালোকৰ মাজত (শ্ৰেষ্ঠ) সাক্ষী, আৰু এই কোৰআন মোৰ ওচৰলৈ অহী কৰা হৈছে যাতে তোমালোকক আৰু যাৰ ওচৰলৈকে ই গৈ পাব সিহঁতক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰোঁ। তোমালোকে এই সাক্ষ্য বহন কৰা নেকি যে, আল্লাহৰ লগত আন কোনোবা ইলাহ (উপাস্য) আছে’? কোৱা, ‘মই এই সাক্ষ্য নিদিওঁ’। কোৱা, ‘তেৱেঁই হৈছে একমাত্ৰ প্ৰকৃত ইলাহ আৰু তোমালোকে যি অংশীদাৰ স্থাপন কৰা তাৰ লগত নিশ্চয় মোৰ কোনো সম্পৰ্ক নাই’।