caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Ahzaab, আয়াত ৫০

মদিনা · অৱতৰণৰ ক্ৰম ৯০ · 33:50

يَٰٓأَيُّهَا ٱلنَّبِىُّ إِنَّآ أَحْلَلْنَا لَكَ أَزْوَٰجَكَ ٱلَّٰتِىٓ ءَاتَيْتَ أُجُورَهُنَّ وَمَا مَلَكَتْ يَمِينُكَ مِمَّآ أَفَآءَ ٱللَّهُ عَلَيْكَ وَبَنَاتِ عَمِّكَ وَبَنَاتِ عَمَّٰتِكَ وَبَنَاتِ خَالِكَ وَبَنَاتِ خَٰلَٰتِكَ ٱلَّٰتِى هَاجَرْنَ مَعَكَ وَٱمْرَأَةً مُّؤْمِنَةً إِن وَهَبَتْ نَفْسَهَا لِلنَّبِىِّ إِنْ أَرَادَ ٱلنَّبِىُّ أَن يَسْتَنكِحَهَا خَالِصَةً لَّكَ مِن دُونِ ٱلْمُؤْمِنِينَ قَدْ عَلِمْنَا مَا فَرَضْنَا عَلَيْهِمْ فِىٓ أَزْوَٰجِهِمْ وَمَا مَلَكَتْ أَيْمَٰنُهُمْ لِكَيْلَا يَكُونَ عَلَيْكَ حَرَجٌ وَكَانَ ٱللَّهُ غَفُورًا رَّحِيمًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanহে নবী! আমি তোমাৰ বাবে বৈধ কৰিছোঁ তোমাৰ স্ত্ৰীসকলক, যিসকলক তুমি মোহৰ প্ৰদান কৰিছা; আৰু বৈধ কৰিছোঁ 'ফায়' হিচাপে আল্লাহে তোমাক যি প্ৰদান কৰিছে সিহঁতৰ মাজৰ পৰা যিসকল তোমাৰ মালিকানাধীন হৈছে। লগতে বিবাহৰ বাবে বৈধ কৰিছোঁ তোমাৰ দদাই-বৰপাইৰ জীয়েকহঁতক, জেঠাই-পেহীৰ জীয়েকহঁতক, মোমায়েৰৰ জীয়েকহঁতক আৰু তোমাৰ জেঠাই-মাহীৰ জীয়েকহঁতক, যিসকলে তোমাৰ লগত হিজৰত কৰিছে লগতে এনেকুৱা মুমিন নাৰীসকলোকো (বিবাহৰ বাবে বৈধ কৰিছোঁ) যিয়ে নবীৰ বাবে নিজকে সমৰ্পণ কৰে, যদিহে নবীয়ে তেওঁক বিয়া কৰাব বিচাৰে; এই বিধান বিশেষকৈ তোমাৰ বাবে (নিৰ্দিষ্ট), অন্যান্য মুমিনসকলৰ বাবে নহয়; যাতে তোমাৰ কোনো অসুবিধা নহয়। সৰ্বসাধাৰণ মুমিনসকলৰ বাবে তেওঁলোকৰ স্ত্ৰী আৰু দাসীবিলাকৰ বিষয়ে আমি যি বিধি নিৰ্ধাৰণ কৰিছোঁ সেয়া আমাৰ জনা আছে। আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70