أَلَمْ تَرَ إِلَى ٱلَّذِينَ خَرَجُوا۟ مِن دِيَٰرِهِمْ وَهُمْ أُلُوفٌ حَذَرَ ٱلْمَوْتِ فَقَالَ لَهُمُ ٱللَّهُ مُوتُوا۟ ثُمَّ أَحْيَٰهُمْ إِنَّ ٱللَّهَ لَذُو فَضْلٍ عَلَى ٱلنَّاسِ وَلَٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يَشْكُرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি সিহঁতক দেখা নাইনে, যিসকলে মৃত্যুৰ ভয়ত হাজাৰে হাজাৰে নিজ আবাসভূমি পৰিত্যাগ কৰিছিল? তাৰ পিছত আল্লাহে সিহঁতক কৈছিল, ‘তোমালোকে মৃত্যুবৰণ কৰা’। ইয়াৰ পিছত আল্লাহে সিহঁতক (পুনৰ) জীৱিত কৰিছিল। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহশীল; কিন্তু অধিকাংশ মানুহে কৃতজ্ঞতা প্ৰকাশ নকৰে।