أَمْ حَسِبْتُمْ أَن تَدْخُلُوا۟ ٱلْجَنَّةَ وَلَمَّا يَأْتِكُم مَّثَلُ ٱلَّذِينَ خَلَوْا۟ مِن قَبْلِكُم مَّسَّتْهُمُ ٱلْبَأْسَآءُ وَٱلضَّرَّآءُ وَزُلْزِلُوا۟ حَتَّىٰ يَقُولَ ٱلرَّسُولُ وَٱلَّذِينَ ءَامَنُوا۟ مَعَهُۥ مَتَىٰ نَصْرُ ٱللَّهِ أَلَآ إِنَّ نَصْرَ ٱللَّهِ قَرِيبٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকে ভাবিছা নেকি যে, তোমালোকে জান্নাতত প্ৰৱেশ কৰিবা অথচ তোমালোকৰ ওচৰলৈ এতিয়াও তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ দৰে অৱস্থা আহি পোৱা নাই? অৰ্থ-সংকট আৰু দুখ-কষ্টই সিহঁতক স্পৰ্শ কৰিছিল আৰু সিহঁত ভীত-কম্পিত হৈছিল। আনকি ৰাছুল আৰু তেওঁৰ সংগী-সাৰথি ঈমান্দাৰসকলে কৈ উঠিছিল, ‘আল্লাহৰ সহায় কেতিয়া আহিব’? জানি থোৱা, নিশ্চয় আল্লাহৰ সহায় অতি নিকটৱৰ্তী।