وَٱقْتُلُوهُمْ حَيْثُ ثَقِفْتُمُوهُمْ وَأَخْرِجُوهُم مِّنْ حَيْثُ أَخْرَجُوكُمْ وَٱلْفِتْنَةُ أَشَدُّ مِنَ ٱلْقَتْلِ وَلَا تُقَٰتِلُوهُمْ عِندَ ٱلْمَسْجِدِ ٱلْحَرَامِ حَتَّىٰ يُقَٰتِلُوكُمْ فِيهِ فَإِن قَٰتَلُوكُمْ فَٱقْتُلُوهُمْ كَذَٰلِكَ جَزَآءُ ٱلْكَٰفِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতক য’তেই পাবা হত্যা কৰিবা, আৰু যি স্থানৰ পৰা সিহঁতে তোমালোকক বহিষ্কাৰ কৰিছিল তোমালোকেও সেই স্থানৰ পৰা সিহঁতক বহিষ্কাৰ কৰিবা। (জানি থোৱা) ফিতনা (অশান্তি, শ্বিৰ্ক বা ধৰ্মদ্ৰোহিতা) হৈছে হত্যা কৰাতকৈও সাংঘাতিক; আৰু মছজিদুল হাৰামৰ ওচৰত তোমালোকে সিহঁতৰ লগত যুদ্ধ নকৰিবা যেতিয়ালৈকে সিহঁতে তোমালোকৰ বিৰুদ্ধে তাত যুদ্ধ নকৰে। এতেকে যদি সিহঁতে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰে তেন্তে তোমালোকেও সিহঁতক হত্যা কৰিবা, এইটোৱেই কাফিৰসকলৰ পৰিণাম।