وَقَالَ ٱلَّذِينَ لَا يَعْلَمُونَ لَوْلَا يُكَلِّمُنَا ٱللَّهُ أَوْ تَأْتِينَآ ءَايَةٌ كَذَٰلِكَ قَالَ ٱلَّذِينَ مِن قَبْلِهِم مِّثْلَ قَوْلِهِمْ تَشَٰبَهَتْ قُلُوبُهُمْ قَدْ بَيَّنَّا ٱلْـَٔايَٰتِ لِقَوْمٍ يُوقِنُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিহঁতে একোৱেই নাজানে সিহঁতে কয়, ‘আল্লাহে আমাৰ লগত কথা নকয় কিয়? অথবা আমাৰ ওচৰত কোনো নিদৰ্শন নাহে কিয়?’ এনেকৈ সিহঁতৰ পূৰ্বৱৰ্তীসকলেও সিহঁতৰ দৰেই কথা কৈছিল। সিহঁতৰ অন্তৰসমূহ একেই ধৰণৰ। নিশ্চয় আমি আয়াতসমূহক স্পষ্টভাৱে বৰ্ণনা কৰিছোঁ সেইসকল লোকৰ বাবে, যিসকলে দৃঢ় বিশ্বাস পোষণ কৰে।