وَمَن يَهْدِ ٱللَّهُ فَهُوَ ٱلْمُهْتَدِ وَمَن يُضْلِلْ فَلَن تَجِدَ لَهُمْ أَوْلِيَآءَ مِن دُونِهِۦ وَنَحْشُرُهُمْ يَوْمَ ٱلْقِيَٰمَةِ عَلَىٰ وُجُوهِهِمْ عُمْيًا وَبُكْمًا وَصُمًّا مَّأْوَىٰهُمْ جَهَنَّمُ كُلَّمَا خَبَتْ زِدْنَٰهُمْ سَعِيرًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আল্লাহে যিসকলক হিদায়ত দিয়ে সিহঁতেহে হিদায়তপ্ৰাপ্ত হয় আৰু যিসকলক তেওঁ পথভ্ৰষ্ট কৰে সিহঁতৰ বাবে তুমি কেতিয়াও তেওঁৰ বাহিৰে আন কোনো অভিভাৱক বিচাৰি নাপাবা। কিয়ামতৰ দিনা আমি সিহঁতক উবৰি খোৱা অৱস্থাত অন্ধ, বোবা আৰু বধিৰ কৰি সমবেত কৰিম। সিহঁতৰ আবাসস্থল হ’ব জাহান্নাম; যেতিয়া ই নিস্তেজ হ’ব তেতিয়াই আমি সিহঁতৰ বাবে জুইৰ শিখা বৃদ্ধি কৰিম।