وَإِلَىٰ ثَمُودَ أَخَاهُمْ صَٰلِحًا قَالَ يَٰقَوْمِ ٱعْبُدُوا۟ ٱللَّهَ مَا لَكُم مِّنْ إِلَٰهٍ غَيْرُهُۥ هُوَ أَنشَأَكُم مِّنَ ٱلْأَرْضِ وَٱسْتَعْمَرَكُمْ فِيهَا فَٱسْتَغْفِرُوهُ ثُمَّ تُوبُوٓا۟ إِلَيْهِ إِنَّ رَبِّى قَرِيبٌ مُّجِيبٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি ছামূদ জাতিৰ ওচৰলৈ সিহঁতৰ ভাতৃ ছলেহক (নবী হিচাপে) প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো (সত্য) ইলাহ নাই। তেৱেঁই তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে আৰু তাতেই তেওঁ তোমালোকৰ বসবাস কৰাৰ ব্যৱস্থা কৰিছে। গতিকে তোমালোকে তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পিনেই উভতি আহা। নিশ্চয় মোৰ প্ৰতিপালক অতি নিকটৱৰ্তী, আহ্বানত সঁহাৰি প্ৰদানকাৰী’।