قَالُوا۟ يَٰصَٰلِحُ قَدْ كُنتَ فِينَا مَرْجُوًّا قَبْلَ هَٰذَآ أَتَنْهَىٰنَآ أَن نَّعْبُدَ مَا يَعْبُدُ ءَابَآؤُنَا وَإِنَّنَا لَفِى شَكٍّ مِّمَّا تَدْعُونَآ إِلَيْهِ مُرِيبٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’লে, ‘হে ছলেহ! ইয়াৰ পূৰ্বে তুমি আছিলা আমাৰ আশাৰ পাত্ৰ। (এতিয়া) তুমি আমাক সেইবোৰ (উপাস্য)ৰ উপাসনাৰ পৰা নিষেধ কৰি আছা নেকি যিবোৰৰ উপাসনা আমাৰ পিতৃ-পুৰুষসকলে কৰিছিল? প্ৰকৃততে তুমি আমাক যি ধৰ্মৰ প্ৰতি আহ্বান কৰি আছা, সেই বিষয়ে নিশ্চয় আমি বিভ্ৰান্তিকৰ সন্দেহ তথা দ্বিধাদ্বন্দৰ মাজত আছোঁ’।