وَيَوْمَ نَحْشُرُهُمْ جَمِيعًا ثُمَّ نَقُولُ لِلَّذِينَ أَشْرَكُوا۟ مَكَانَكُمْ أَنتُمْ وَشُرَكَآؤُكُمْ فَزَيَّلْنَا بَيْنَهُمْ وَقَالَ شُرَكَآؤُهُم مَّا كُنتُمْ إِيَّانَا تَعْبُدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু (স্মৰণ কৰা) যিদিনা আমি সিহঁত সকলোকে একত্ৰিত কৰিম। তাৰ পিছত মুশ্বৰিকসকলক সুধিম, ‘তোমালোক আৰু তোমালোকে নিৰূপণ কৰা অংশীবিলাক (আটায়ে) নিজৰ নিজৰ স্থানত অৱস্থান কৰা’; তাৰ পিছত আমি সিহঁতক পৰস্পৰৰ পৰা পৃথক কৰি দিম, তেতিয়া সিহঁতৰ অংশীবিলাকে (সিহঁতক সম্বোধন কৰি) ক’ব, ‘তোমালোকে আমাৰ ইবাদত কৰা নাছিলা’।