وَٱذْكُرُوٓا۟ إِذْ أَنتُمْ قَلِيلٌ مُّسْتَضْعَفُونَ فِى ٱلْأَرْضِ تَخَافُونَ أَن يَتَخَطَّفَكُمُ ٱلنَّاسُ فَـَٔاوَىٰكُمْ وَأَيَّدَكُم بِنَصْرِهِۦ وَرَزَقَكُم مِّنَ ٱلطَّيِّبَٰتِ لَعَلَّكُمْ تَشْكُرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু স্মৰণ কৰা, যেতিয়া তোমালোকে সংখ্যাত অতি তাকৰ আছিলা, পৃথিৱীত তোমালোকক দুৰ্বল হিচাপে গণ্য কৰা হৈছিল। তোমালোকে আশংকা কৰিছিলা যে, মানুহে তোমালোকক অকস্মাৎ আহি অপহৰণ কৰিব। তাৰ পিছত তেৱেঁই (আল্লাহেই) তোমালোকক আশ্ৰয় দিছে, নিজৰ সহায়ৰ জৰিয়তে তোমালোকক শক্তিশালী কৰিছে আৰু তোমালোকক উত্তম বস্তুবোৰ জীৱিকা হিচাপে দান কৰিছে যাতে তোমালোকে কৃতজ্ঞ হোৱা।