وَأَوْرَثْنَا ٱلْقَوْمَ ٱلَّذِينَ كَانُوا۟ يُسْتَضْعَفُونَ مَشَٰرِقَ ٱلْأَرْضِ وَمَغَٰرِبَهَا ٱلَّتِى بَٰرَكْنَا فِيهَا وَتَمَّتْ كَلِمَتُ رَبِّكَ ٱلْحُسْنَىٰ عَلَىٰ بَنِىٓ إِسْرَٰٓءِيلَ بِمَا صَبَرُوا۟ وَدَمَّرْنَا مَا كَانَ يَصْنَعُ فِرْعَوْنُ وَقَوْمُهُۥ وَمَا كَانُوا۟ يَعْرِشُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যি সম্প্ৰদায়ক দুৰ্বল বুলি গণ্য কৰা হৈছিল তেওঁলোকক আমি আমাৰ কল্যাণপ্ৰাপ্ত ৰাজ্যৰ পূৱ আৰু পশ্চিমৰ উত্তৰাধিকাৰী কৰিছিলোঁ; আৰু বনী ইছৰাঈল সম্পৰ্কে তোমাৰ প্ৰতিপালকৰ শুভ বাণী সত্যত পৰিণত হৈছিল, যিহেতু তেওঁলোকে ধৈৰ্য্য ধৰিছিল; লগতে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ শিল্প আৰু যিবোৰ প্ৰাসাদ সিহঁতে নিৰ্মাণ কৰিছিল সেয়া ধ্বংস কৰিছিলোঁ।