قُلْ هُوَ ٱلْقَادِرُ عَلَىٰٓ أَن يَبْعَثَ عَلَيْكُمْ عَذَابًا مِّن فَوْقِكُمْ أَوْ مِن تَحْتِ أَرْجُلِكُمْ أَوْ يَلْبِسَكُمْ شِيَعًا وَيُذِيقَ بَعْضَكُم بَأْسَ بَعْضٍ ٱنظُرْ كَيْفَ نُصَرِّفُ ٱلْـَٔايَٰتِ لَعَلَّهُمْ يَفْقَهُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘তেওঁ তোমালোকৰ ওপৰৰ পৰা বা তলৰ পৰা শাস্তি পঠাবলৈ, নাইবা তোমালোকক বিভিন্ন (সন্দেহপূৰ্ণ) দলত বিভক্ত কৰিবলৈ অথবা এটা দলক আন এটা দলৰ সংঘৰ্ষৰ সোৱাদ গ্ৰহণ কৰাবলৈ পূৰ্ণ সক্ষম’। চোৱা, আমি কেনেকৈ বিভিন্ন ধৰণে আয়াতসমূহ বিবৃত কৰোঁ যাতে সিহঁতে ভালকৈ বুজিব পাৰে।