قَدْ خَسِرَ ٱلَّذِينَ كَذَّبُوا۟ بِلِقَآءِ ٱللَّهِ حَتَّىٰٓ إِذَا جَآءَتْهُمُ ٱلسَّاعَةُ بَغْتَةً قَالُوا۟ يَٰحَسْرَتَنَا عَلَىٰ مَا فَرَّطْنَا فِيهَا وَهُمْ يَحْمِلُونَ أَوْزَارَهُمْ عَلَىٰ ظُهُورِهِمْ أَلَا سَآءَ مَا يَزِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলে আল্লাহৰ সাক্ষাতক অস্বীকাৰ কৰিছে, নিশ্চয় সিহঁত ক্ষতিগ্ৰস্ত হৈছে, আনকি সিহঁতৰ ওচৰলৈ যেতিয়া হঠাৎ কিয়ামত আহি উপস্থিত হ’ব তেতিয়া সিহঁতে ক’ব, ‘হায় আফচোচ! ইয়াক আমি কিমান যে অৱহেলা কৰিছিলোঁ’। সিহঁতে সিহঁতৰ পাপসমূহ নিজৰ পিঠিত বহন কৰিব। সাৱধান! সিহঁতে যি বহন কৰিব সেয়া অতি নিকৃষ্ট!