سَيَقُولُ ٱلَّذِينَ أَشْرَكُوا۟ لَوْ شَآءَ ٱللَّهُ مَآ أَشْرَكْنَا وَلَآ ءَابَآؤُنَا وَلَا حَرَّمْنَا مِن شَىْءٍ كَذَٰلِكَ كَذَّبَ ٱلَّذِينَ مِن قَبْلِهِمْ حَتَّىٰ ذَاقُوا۟ بَأْسَنَا قُلْ هَلْ عِندَكُم مِّنْ عِلْمٍ فَتُخْرِجُوهُ لَنَآ إِن تَتَّبِعُونَ إِلَّا ٱلظَّنَّ وَإِنْ أَنتُمْ إِلَّا تَخْرُصُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলে শ্বিৰ্ক কৰিছে অতিশীঘ্ৰে সিহঁতে ক’ব, ‘আল্লাহে যদি ইচ্ছা কৰিলেহেঁতেন তেন্তে আমি আৰু আমাৰ পুৰ্বপুৰুষসকলে শ্বিৰ্ক নকৰিলোঁহেঁতেন আৰু একোৱেই হাৰাম নকৰিলোঁহেঁতেন’। এইদৰে সিহঁতৰ পূৰ্বৱৰ্তীসকলেও মিথ্যাৰোপ কৰিছিল, অৱশেষত সিহঁতে আমাৰ শাস্তি ভোগ কৰিছিল। কোৱা, ‘তোমালোকৰ ওচৰত কোনো জ্ঞান আছেনে? থাকিলে আমাৰ ওচৰত প্ৰকাশ কৰা। তোমালোকে কেৱল ধাৰণাৰহে অনুসৰণ কৰা আৰু কেৱল মনেসজা কথাহে কোৱা’।