وَمِنَ ٱلْإِبِلِ ٱثْنَيْنِ وَمِنَ ٱلْبَقَرِ ٱثْنَيْنِ قُلْ ءَآلذَّكَرَيْنِ حَرَّمَ أَمِ ٱلْأُنثَيَيْنِ أَمَّا ٱشْتَمَلَتْ عَلَيْهِ أَرْحَامُ ٱلْأُنثَيَيْنِ أَمْ كُنتُمْ شُهَدَآءَ إِذْ وَصَّىٰكُمُ ٱللَّهُ بِهَٰذَا فَمَنْ أَظْلَمُ مِمَّنِ ٱفْتَرَىٰ عَلَى ٱللَّهِ كَذِبًا لِّيُضِلَّ ٱلنَّاسَ بِغَيْرِ عِلْمٍ إِنَّ ٱللَّهَ لَا يَهْدِى ٱلْقَوْمَ ٱلظَّٰلِمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanলগতে উটৰ দুটা আৰু গৰুৰ দুটা। কোৱা, ‘তেওঁ মতা দুটাক নিষিদ্ধ কৰিছে নে মাইকী দুজনীক, নে মাইকী দুজনীৰ গৰ্ভত যি আছে সেয়া নিষিদ্ধ কৰিছে’? অথবা আল্লাহে যেতিয়া তোমালোকক এইবোৰৰ নিৰ্দেশ দিছিল তেতিয়া তোমালোক তাত উপস্থিত আছিলানে? গতিকে যি ব্যক্তিয়ে জ্ঞান নোহোৱাকৈ মানুহক বিভ্ৰান্ত কৰাৰ বাবে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে তাতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে? নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।