وَٱعْلَمُوٓا۟ أَنَّ فِيكُمْ رَسُولَ ٱللَّهِ لَوْ يُطِيعُكُمْ فِى كَثِيرٍ مِّنَ ٱلْأَمْرِ لَعَنِتُّمْ وَلَٰكِنَّ ٱللَّهَ حَبَّبَ إِلَيْكُمُ ٱلْإِيمَٰنَ وَزَيَّنَهُۥ فِى قُلُوبِكُمْ وَكَرَّهَ إِلَيْكُمُ ٱلْكُفْرَ وَٱلْفُسُوقَ وَٱلْعِصْيَانَ أُو۟لَٰٓئِكَ هُمُ ٱلرَّٰشِدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanজানি থোৱা যে, তোমালোকৰ মাজত আল্লাহৰ ৰাছুল আছে, তেওঁ যদি অধিকাংশ বিষয়ত তোমালোকৰ কথা মানি ল’লেহেঁতেন, তেন্তে তোমালোকে নিশ্চয় কষ্টত পতিত হ’লাহেঁতেন। কিন্তু আল্লাহে তোমালোকৰ বাবে ঈমানক প্ৰিয় কৰি দিছে আৰু সেইটোক তোমালোকৰ হৃদয়গ্ৰাহী কৰিছে। লগতে কুফৰী, পাপকৰ্ম আৰু অবাধ্যতাক তোমালোকৰ বাবে অপ্ৰিয় কৰি দিছে। তেওঁলোকেই সঠিক পথপ্ৰাপ্ত।