وَقَرْنَ فِى بُيُوتِكُنَّ وَلَا تَبَرَّجْنَ تَبَرُّجَ ٱلْجَٰهِلِيَّةِ ٱلْأُولَىٰ وَأَقِمْنَ ٱلصَّلَوٰةَ وَءَاتِينَ ٱلزَّكَوٰةَ وَأَطِعْنَ ٱللَّهَ وَرَسُولَهُۥٓ إِنَّمَا يُرِيدُ ٱللَّهُ لِيُذْهِبَ عَنكُمُ ٱلرِّجْسَ أَهْلَ ٱلْبَيْتِ وَيُطَهِّرَكُمْ تَطْهِيرًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকে নিজ ঘৰতে অৱস্থান কৰিবা। (প্ৰাক-ইছলামী) জাহেলী যুগৰ প্ৰদৰ্শনীৰ দৰে নিজকে প্ৰদৰ্শন কৰি নুফুৰিবা। তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। হে নবী-পৰিয়াল! আল্লাহে তোমালোকৰ পৰা কেৱল অপৱিত্ৰতাক দূৰীভূত কৰিব বিচাৰে আৰু তোমালোকক সম্পূৰ্ণৰূপে পৱিত্ৰ কৰিব বিচাৰে।