وَجَعَلْنَا ٱلَّيْلَ وَٱلنَّهَارَ ءَايَتَيْنِ فَمَحَوْنَآ ءَايَةَ ٱلَّيْلِ وَجَعَلْنَآ ءَايَةَ ٱلنَّهَارِ مُبْصِرَةً لِّتَبْتَغُوا۟ فَضْلًا مِّن رَّبِّكُمْ وَلِتَعْلَمُوا۟ عَدَدَ ٱلسِّنِينَ وَٱلْحِسَابَ وَكُلَّ شَىْءٍ فَصَّلْنَٰهُ تَفْصِيلًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআমি ৰাতি আৰু দিনক দুটা নিদৰ্শন বনাইছোঁ, তাৰ পিছত ৰাতিৰ নিদৰ্শনক মচি দিছোঁ আৰু দিনৰ নিদৰ্শনক আলোকপ্ৰদ কৰিছোঁ; যাতে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা আৰু যাতে তোমালোকে বছৰৰ সংখ্যা আৰু হিচাপ স্থিৰ কৰিব পাৰা; আৰু আমি সকলো বিষয় বিশদভাৱে বৰ্ণনা কৰিছোঁ।