فَلَمَّآ أَنجَىٰهُمْ إِذَا هُمْ يَبْغُونَ فِى ٱلْأَرْضِ بِغَيْرِ ٱلْحَقِّ يَٰٓأَيُّهَا ٱلنَّاسُ إِنَّمَا بَغْيُكُمْ عَلَىٰٓ أَنفُسِكُم مَّتَٰعَ ٱلْحَيَوٰةِ ٱلدُّنْيَا ثُمَّ إِلَيْنَا مَرْجِعُكُمْ فَنُنَبِّئُكُم بِمَا كُنتُمْ تَعْمَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত তেওঁ যেতিয়া সিহঁতক বিপদমুক্ত কৰে তেতিয়া সিহঁতে পৃথিৱীত অন্যায়ভাৱে সীমালংঘন কৰি থাকে। হে মানৱ! (জানি থোৱা) তোমালোকৰ সীমালংঘন কেৱল তোমালোকৰ বিৰুদ্ধেই (ক্ষতিকৰ) হয়; পাৰ্থিৱ জীৱনৰ সুখ উপভোগ কৰি লোৱা, পিছত আমাৰ ওচৰলৈকেই তোমালোকৰ প্ৰত্যাৱৰ্তন হ’ব। তেতিয়া আমি তোমালোকক জনাই দিম তোমালোকে কি কৰিছিলা।