قَالُوٓا۟ أُوذِينَا مِن قَبْلِ أَن تَأْتِيَنَا وَمِنۢ بَعْدِ مَا جِئْتَنَا قَالَ عَسَىٰ رَبُّكُمْ أَن يُهْلِكَ عَدُوَّكُمْ وَيَسْتَخْلِفَكُمْ فِى ٱلْأَرْضِ فَيَنظُرَ كَيْفَ تَعْمَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’লে, ‘তুমি আমাৰ ওচৰলৈ অহাৰ আগতেও আমি নিৰ্যাতিত হৈছোঁ আৰু তুমি অহাৰ পিছতো’। তেওঁ ক’লে, ‘অতি সোনকালে তোমালোকৰ প্ৰতিপালকে তোমালোকৰ শত্ৰুক ধ্বংস কৰিব আৰু তেওঁ তোমালোকক পৃথিৱীত স্থলাভিষিক্ত কৰিব, তাৰ পিছত তোমালোকে কি কৰা সেয়া তেওঁ লক্ষ্য কৰিব’।