قَدْ كَانَتْ لَكُمْ أُسْوَةٌ حَسَنَةٌ فِىٓ إِبْرَٰهِيمَ وَٱلَّذِينَ مَعَهُۥٓ إِذْ قَالُوا۟ لِقَوْمِهِمْ إِنَّا بُرَءَٰٓؤُا۟ مِنكُمْ وَمِمَّا تَعْبُدُونَ مِن دُونِ ٱللَّهِ كَفَرْنَا بِكُمْ وَبَدَا بَيْنَنَا وَبَيْنَكُمُ ٱلْعَدَٰوَةُ وَٱلْبَغْضَآءُ أَبَدًا حَتَّىٰ تُؤْمِنُوا۟ بِٱللَّهِ وَحْدَهُۥٓ إِلَّا قَوْلَ إِبْرَٰهِيمَ لِأَبِيهِ لَأَسْتَغْفِرَنَّ لَكَ وَمَآ أَمْلِكُ لَكَ مِنَ ٱللَّهِ مِن شَىْءٍ رَّبَّنَا عَلَيْكَ تَوَكَّلْنَا وَإِلَيْكَ أَنَبْنَا وَإِلَيْكَ ٱلْمَصِيرُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তোমালোকৰ বাবে ইব্ৰাহীম আৰু তেওঁৰ লগত যিসকল আছিল তেওঁলোকৰ মাজত আছে উত্তম আদৰ্শ। যেতিয়া তেওঁলোকে নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকৰ লগত আৰু তোমালোকে আল্লাহৰ পৰিবৰ্তে যিসকলৰ উপাসনা কৰা সেইসকলৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। আমি তোমালোকক নামানো। (আজিৰ পৰা) আমাৰ আৰু তোমালোকৰ মাজত চিৰকালৰ বাবে শত্ৰুতা আৰু বিদ্বেষ সৃষ্টি হ’ল; যেতিয়ালৈকে তোমালোকে এক আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰিবা’। কিন্তু ইব্ৰাহীমৰ নিজ পিতাৰ প্ৰতি কৰা এই উক্তিটো আছিল ব্যতিক্ৰম যে, ‘মই নিশ্চয় আপোনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম, কিন্তু মই আপোনাৰ হকে আল্লাহৰ পৰা কিবা উপকাৰ কৰিবলৈ মোৰ সাধ্য নাই’। (ইব্ৰাহীম আৰু তেওঁৰ অনুসাৰীসকলে কৈছিল) হে আমাৰ প্ৰতিপালক! ‘আমি তোমাৰ ওপৰতেই ভৰসা কৰিছোঁ, আৰু তোমাৰেই অভিমুখী হৈছোঁ আৰু তোমাৰ ওচৰলৈকেই আমাৰ প্ৰত্যাৱৰ্তন’।