قُلْ هَلْ أُنَبِّئُكُم بِشَرٍّ مِّن ذَٰلِكَ مَثُوبَةً عِندَ ٱللَّهِ مَن لَّعَنَهُ ٱللَّهُ وَغَضِبَ عَلَيْهِ وَجَعَلَ مِنْهُمُ ٱلْقِرَدَةَ وَٱلْخَنَازِيرَ وَعَبَدَ ٱلطَّٰغُوتَ أُو۟لَٰٓئِكَ شَرٌّ مَّكَانًا وَأَضَلُّ عَن سَوَآءِ ٱلسَّبِيلِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘মই তোমালোকক ইয়াতকৈও নিকৃষ্ট পৰিণামৰ সংবাদ দিমনে যিটো আল্লাহৰ ওচৰত আছে? যাৰ ওপৰত আল্লাহে অভিসম্পাত কৰিছে আৰু যাৰ ওপৰত তেওঁ ক্ৰোধান্বিত হৈছে। যিসকলৰ মাজৰ পৰা কিছুমানক বান্দৰ আৰু কিছুমানক গাহৰি বনাইছিল আৰু (সিহঁতৰ কিছুমানে) তাগুতৰ উপাসনা কৰিছিল। সিহঁতেই অৱস্থানৰ দিশৰ পৰা নিকৃষ্ট আৰু সৰল পথৰ পৰা আটাইতকৈ বেছি বিচ্যুত’।