فَأَقِمْ وَجْهَكَ لِلدِّينِ حَنِيفًا فِطْرَتَ ٱللَّهِ ٱلَّتِى فَطَرَ ٱلنَّاسَ عَلَيْهَا لَا تَبْدِيلَ لِخَلْقِ ٱللَّهِ ذَٰلِكَ ٱلدِّينُ ٱلْقَيِّمُ وَلَٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يَعْلَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তুমি একনিষ্ঠ হৈ নিজৰ মুখমণ্ডলক দ্বীনৰ ওপৰত প্ৰতিষ্ঠিত ৰখা, (সেইটো হৈছে )আল্লাহৰ ফিতৰত (স্বাভাৱিক ৰীতি বা দ্বীন ইছলাম), যাৰ ওপৰত (চলাৰ উপযুক্ত কৰি) তেওঁ মানুহক সৃষ্টি কৰিছে; আল্লাহৰ সৃষ্টিৰ কোনো পৰিবৰ্তন নাই। এইটোৱেই হৈছে সুপ্ৰতিষ্ঠিত দ্বীন; কিন্তু অধিকাংশ মানুহেই সেয়া নাজানে।