كُلُّ نَفْسٍ ذَآئِقَةُ ٱلْمَوْتِ وَإِنَّمَا تُوَفَّوْنَ أُجُورَكُمْ يَوْمَ ٱلْقِيَٰمَةِ فَمَن زُحْزِحَ عَنِ ٱلنَّارِ وَأُدْخِلَ ٱلْجَنَّةَ فَقَدْ فَازَ وَمَا ٱلْحَيَوٰةُ ٱلدُّنْيَآ إِلَّا مَتَٰعُ ٱلْغُرُورِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanপ্ৰতিটো প্ৰাণীয়েই মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব; আৰু কিয়ামতৰ দিনা তোমালোকৰ কৰ্মফল পৰিপূৰ্ণভাৱে প্ৰদান কৰা হ’ব। এতেকে যাক জুইৰ পৰা আঁতৰত ৰখা হ’ব, আৰু জান্নাতত প্ৰৱেশ কৰোৱা হ’ব, তেৱেঁই হৈছে সফল। পাৰ্থিৱ জীৱনটো ছলনাময় ভোগৰ বাহিৰে আন একো নহয়।