ٱلَّذِينَ قَالُوا۟ لِإِخْوَٰنِهِمْ وَقَعَدُوا۟ لَوْ أَطَاعُونَا مَا قُتِلُوا۟ قُلْ فَٱدْرَءُوا۟ عَنْ أَنفُسِكُمُ ٱلْمَوْتَ إِن كُنتُمْ صَٰدِقِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলে ঘৰতে বহি নিজ ভাতৃসকলৰ বিষয়ে কৈছিল যে, ‘যদি সিহঁত আমাৰ অনুসৰণ কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁত নিহত নহ’লহেঁতেন’। সিহঁতক কোৱা, ‘যদি তোমালোকে সত্যবাদী হোৱা তেন্তে নিজকে মৃত্যুৰ পৰা ৰক্ষা কৰাচোন’।