وَلَقَدْ ءَاتَيْنَا مُوسَى ٱلْكِتَٰبَ مِنۢ بَعْدِ مَآ أَهْلَكْنَا ٱلْقُرُونَ ٱلْأُولَىٰ بَصَآئِرَ لِلنَّاسِ وَهُدًى وَرَحْمَةً لَّعَلَّهُمْ يَتَذَكَّرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় পূৰ্বৱৰ্তী বহু প্ৰজন্মক বিনাশ কৰাৰ পিছত আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ, (যিখন আছিল) মানৱ জাতিৰ বাবে জ্ঞান-বৰ্তিকা, পথনিৰ্দেশ আৰু অনুগ্ৰহস্বৰূপ; যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।