وَٱلَّذِينَ يُتَوَفَّوْنَ مِنكُمْ وَيَذَرُونَ أَزْوَٰجًا وَصِيَّةً لِّأَزْوَٰجِهِم مَّتَٰعًا إِلَى ٱلْحَوْلِ غَيْرَ إِخْرَاجٍ فَإِنْ خَرَجْنَ فَلَا جُنَاحَ عَلَيْكُمْ فِى مَا فَعَلْنَ فِىٓ أَنفُسِهِنَّ مِن مَّعْرُوفٍ وَٱللَّهُ عَزِيزٌ حَكِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকৰ মাজৰ যিসকলে স্ত্ৰী থৈ মৃত্যুবৰণ কৰে, সিহঁতে নিজৰ স্ত্ৰীসকলৰ বিষয়ে এই অছিয়ত কৰিব যে, তেওঁলোকক যেন সম্পূৰ্ণ এবছৰলৈকে ভৰণ-পোষণ দিয়া হয় আৰু যাতে ঘৰৰ পৰা উলিয়াই দিয়া নহয়। কিন্তু যদি সিহঁতে (নিজ ইচ্ছাতে) ওলাই যায়, তেন্তে বিধি মুতাবিক সিহঁতে নিজৰ বাবে যি কৰিব তাত তোমালোকৰ কোনো পাপ নহয়; আৰু আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।